অৱশেষত ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিলে বিধায়ক ছিৰাজউদ্দিন আজমলে…

অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে বিধায়ক ছিৰাজউদ্দিন আজমলে।

অসমীয়া ভাষাক চূড়ান্ত অপমান কৰি যমুনামুখ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ছিৰাজউদ্দিন আজমলে কৰিছিল বিতৰ্কিত মন্তব্য।

অসমীয়া ভাষাক বাহিৰত কোনো জানে বুলিও তাচ্ছিল্য কৰিছিল অসমৰে বিধায়কগৰাকীয়ে।

বিধানসভাৰ চৌহদত তেওঁ কৈছিল- ‘মই অসমীয়াত নকও, আমি ইণ্টাৰনেচনেল মানুহ। মোক দুনীয়াৰ মানুহে জানে, ইংৰাজীত নকলে মানুহে বুজি নাপায়।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত আজি বিধায়কজনে এটা ভিডিঅ’ৰ জৰিয়তে ইংৰাজী ভাষাতেই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি সেয়া উদ্দেশ্য প্ৰণোদিত নাছিল বুলি মন্তব্য কৰে।

তেওঁ কয়- ‘মই অসমীয়া ভাষাক অপমান কৰা নাই। মই অসমীয়া ভাষা শিকি আছো, ভালকৈ ক’ব পৰা হোৱালৈকে অলপ সময় লাগিব। এই কাৰ্যকালৰ ভিতৰতে মই অসমীয়া ভাষা শিকিম।’

লগতে সমূহ অসমবাসীকে তেওঁক ক্ষমা কৰি দিবলৈও আহ্বান জনায়।

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ দিনটোত অৰ্থাত ৩১ মাৰ্চত চিৰাজউদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত অসমীয়া ভাষাক লৈ এই বিতৰ্কিত মন্তব্য কৰিছিল।

Leave a Comment