অৱশেষত সন্ধান ওলাল কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ

নিউজ ডেস্ক। অৱশেষত সন্ধান ওলাল কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ।

ৰেলিং ভাঙি সৰি পৰিছিল লোহাৰ ৰড কঢ়িয়াই অনা ট্ৰাক।

চালক-হেণ্ডিমেনৰ সন্ধানত NDRF-SDRF-সেনাৰ অভিযান।

জানিব পৰা মতে, GPS ৰেকৰ্ডত পোহৰলৈ আহিছে কলিয়াভোমোৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ তথ্য।

দুৰ্ঘটনাগ্ৰস্ত বাহনখন আছিল এখন দহ চকীয়া ট্ৰাক।

পঞ্জীয়ন নম্বৰ হৈছে NL 01K 3553।

G6

ট্ৰাকখনে ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদৱালৈ বুলি কঢ়িয়াই আনিছিল লোৰ ৰােড।

GPSৰ শেহতীয়া তথ্য অনুসৰি, নিশা ১ বাজি ৯ মিনিটত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়৷

হয়তো নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দলঙৰ ৰেলিং ভাঙি তললৈ সৰি পৰে বাহনখন৷

বৰ্তমানেও দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক-হেণ্ডিমেন দুয়োজন নিখোজ হৈ আছে৷

National-Disaster-Rescue-Force-NDRF-along-with-State-Disaster-Rescue-Force-SDRF-Assam-Police-and-Gam

চালকজন হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কৃষিপাম গাঁৱৰ পদ্ম বিশ্বকৰ্মাৰ পুত্ৰ ৰাজীৱ বিশ্বকৰ্মা৷

আনহাতে হেণ্ডিমেন জন হৈছে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালী গাঁৱৰ ২০ বছৰীয়া অমিত ডনাৰ ওৰফে লুটে৷

National-Disaster-Rescue-Force-NDRF-along-with-State-Disaster-Rescue-Force-SDRF-Assam-Police-and-Gam

সোমবাৰে পুৱাৰে পৰা GAMMON কোম্পানীৰ সহযোগত NDRF আৰু SDRF ৰ ডুবাৰু্ৱে চেষ্টা চলাই মংগলবাৰে বিয়লি ভাগত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন বাহিৰলৈ ওলাই আনিবলৈ সক্ষম হয় যদিও এই পৰ্যন্ত কােনাে সন্ধান নাই গাড়ীখনত থকা দুজন লােকৰ।

Leave a Comment