fbpx
অসমীয়াঅসম

অৱশেষত সন্ধান ওলাল কটন বিশ্ববিদ্যালয়ৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ সূৰ্য নাৰায়ণ দাসৰ…

নিউজ ডেস্কঃ অৱশেষত সন্ধান ওলাল কটনৰ ছাত্ৰ সূৰ্যৰ।

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা সন্ধানহীন হৈছিল সূৰ্য নাৰায়ণ দাস নামৰ ছাত্ৰজন।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে লতাশিল থানাত ছাত্ৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে মৰিয়নী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰজনক।

ইয়াৰ পিছতে ছাত্ৰজনক গতাই দিয়া হয় লতাশিল আৰক্ষীক।

জানিব পৰা মতে, বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিৱাসলৈ গৈ থকা সময়তে সন্ধানহীন হৈছিল বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ সূৰ্য নাৰায়ণ দাস।

Related Articles

Back to top button