অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জাপানৰ ইতিহাসত সৰ্বাধিক সময় প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা শ্বিনজো আবেয়ে

নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে। জাপানৰ পশ্চিম প্ৰান্তৰ নাৰা চহৰৰ এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে আততায়ীৰ আক্ৰমণৰ বলি হোৱা শ্বিনজো আবেৰ মৃত্যু ঘটিল হাস্পতালত।
উল্লেখ্য যে, অনু্ষ্ঠানত ভাষণ প্ৰদান কৰি থকাৰ সময়তে দুৰ্বৃত্তই চলোৱা দুটা গুলীয়ে বুকু ভেদি গৈছিল শ্বিনজো আবেৰ। তাৰ পিছতে তেওঁক ৰক্তাক্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ অন্ততো মৃত্যুৰ ওচৰত হাৰ মানিবলগীয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

জাপানৰ ইতিহাসত সৰ্বাধিক সময় প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা শ্বিনজো আবেৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ। তেওঁৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ একেৰাহে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বাতৰি অনুসৰি, শুকুৰবাৰে জাপানত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১:৩০ বজাত এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে শ্বিনজোক বন্দুকধাৰী দুৰ্বৃত্তই আক্ৰমণ কৰে। তাৰ পিছতে ঢলি পৰা আবেক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু হাস্পতালতে মৃত্যু ঘটে শ্বিনজো আবেৰ।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ হত্যাৰ অভিযোগত জাপানৰ পশ্চিম প্ৰান্তৰ নাৰা চহৰত গ্ৰেপ্তাৰ কৰা হৈছে টেটছুয়া য়ামাগামি নামৰ এজন ৪০ বছৰীয়া ব্যক্তিক। হত্যাকাৰীয়ে স্বীকাৰ কৰা মতে, শ্বিনজোৰ ওপৰত তেওঁ অসন্তুষ্ট হৈ পৰাৰ বাবেই নিজৰ বন্দুকেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক আক্ৰমণ কৰিছিল। আনকি হত্যাৰ পিছত তেওঁ সেই স্থানৰ পৰা পলায়নৰো চেষ্টা কৰা নাছিল।