অৱশেষত মৃতুৰে হাৰ মানিলে তিতাবৰৰ ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত হাতীটোৱে।
মঙলবাৰে নিশা গিবন অভয়াৰণ্যত আঘাতপ্ৰাপ্ত হাতীটোৱে কৰুণ মৃত্যুক সাৱটি লয়।
উল্লেখ্য যে, যোৱা দেওবাৰ অৰ্থাত্ ১০ অক্টোবৰত যোৰহাট জিলাৰ তিতাবৰৰ খৰিকটীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা হাতী নিহত হৈছিল আৰু এটা হাতী গুৰুত্বৰভাৱে আহত হৈছিল।
অতিকৈ দুখৰ বিষয় যে, আঘাতপ্ৰাপ্ত হাতীটোক ২৪ ঘণ্টাৰো অধিক সময়ৰ পিছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগে।
যাৰ ফলত বাগিচাৰ মাজৰ এটি বোকাময় জুৰিত অৱস্থান লৈ জীৱন-মৃত্যুৰে যুঁজিছে হাতীজনীয়ে। আনাহাতে, উপযুক্ত চিকিৎসা প্রদানত ব্যৰ্থ হৈছে বন বিভাগ।
অৱশেষত প্ৰায় ৬ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰিছিল আৰু পাছত ট্ৰাকত উঠাই আঘাতপ্ৰাপ্ত হাতীটোক লৈ যোৱা হৈছিল গিবন অভয়াৰণ্যলৈ।
তাত এদল বিশেষজ্ঞ চিকিত্সকে চিকিত্সা চলাই আছিল যদিও অৱশেষত মৃত্যুৰে হাৰ মানে হাতীটোৱে।
আনহাতে আঘাতপ্ৰাপ্ত হাতীটোৰ ক্ষেত্ৰত লোৱা বন বিভাগৰ ভূমিকাক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।