fbpx
অসম

অৱশেষত মুকলি আকাশৰ তললৈ আহিল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা

অৱশেষত মুকলি আকাশৰ তললৈ আহিল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা।

৫টা বছৰ কাৰাগাৰত থাকি অৱশেষত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল আন্দোলন পানিকা।

অসম আন্দোলনৰ সময়ত জন্ম হোৱাৰ বাবে পিতৃ-মাতৃ নাম ৰাখিছিল আন্দোলন পানিকা।

স্বাধীন অসম’ৰ সপোন দেখি ২০০২ চনত ডিব্ৰুগড় জিলাৰ নামৰূপ কাৱৈমাৰিৰ আন্দোলন পানিকাই যোগদান আলফাত।

কিন্তু ২০০৭ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাপন্থী গোটৰ কেম্পত আছিল আন্দোলন। বিবাহ কৰাৰ পিছত ঘৰত থাকি বিভিন্ন কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছিল পানিকাই।

দৰিদ্ৰ পৰিয়ালটোত পত্নী আৰু তিনি সন্তানৰ সৈতে যেনে- তেনে চলি আছিল যুৱকজনে।

তেনে সময়তে এটা পুৰণি গোচৰত আহিল ৱাৰেণ্ট। এৰেষ্ট হোৱাৰ পিছত জামিন ল’বলৈ অথবা উকিলৰ সৈতে যোগাযোগ কৰি আইনী প্ৰক্ৰিয়াত আগবাঢ়িবলৈ অসমৰ্থ আছিল দৰিদ্ৰ পৰিয়ালটো।

সতীৰ্থসকলেও জানিছিল আন্দোলন পানিকা কাৰাগাৰত থকাৰ কথা। কিন্তু আগবাঢ়ি অহা নাছিল কোনো।

সেয়ে ২০১৮ চনৰ পৰা পাঁচটাকৈ বছৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছত এতিয়া মুকলি হ’ল আন্দোলন। ইফালে, স্বামী অবিহনে তিনি সন্তানৰ সৈতে পানিকাৰ পত্নীয়ে বহু দুখ-কষ্টৰে পাঁচটা বছৰ পাৰ কৰিবলগীয়া হ’ল। পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আন্দোলন পানিকাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!