
নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত মধ্যভােগী চক্ৰ সক্ৰিয় হৈ থকা বুলি টুইটাৰৰ জৰিয়তে অভিযােগ দাখিল কৰি আইনৰ ৰােষত পৰা ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
আদালতে লগতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ যুৱকজনে। কিন্তু আৰক্ষীৰ মতে, তেওঁ এই অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিব পৰা নাই।
ভিক্টৰ দাসৰ অভিযোগ ভিত্তিহীন উৰাবাতৰি সজাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।