অৰুণাচল প্ৰদেশত পথ দুৰ্ঘটনাত অসমৰ ৩ যুৱকৰ শােকাৱহ মৃত্যু…

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

অৰুনাচল প্ৰদেশৰ দুৰ্গম পাহাৰৰ জিৰো পইণ্টত সংঘটিত হৈছে ভয়াবহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত খাৰিজা বিজনীৰ ২ যুৱক সহ ৩ জনৰ মৃত্যু।

G1 13
অৰুণাচল প্ৰদেশত পথ দুৰ্ঘটনাত অসমৰ ৩ যুৱকৰ শােকাৱহ মৃত্যু... 3

শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং থানাৰ অন্তৰ্গত ছিদেলৰ ওচৰৰ দুৰ্গম পাহাৰীয়া এলেকাৰ জিৰো পইণ্টত সংঘটিত হয় দুৰ্ঘটনাটো।

বৰপেটাৰ বগুৰীগুৰী গাঁৱৰ একেটা পৰিয়ালৰ দুই যুৱকসহ নিহত তিনিজনৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় এজন লোক।

জানিব পৰা মতে, এখন জেচিবি মেৰামতি কৰি চাৰিজনীয়া যুৱকৰ দলটো উভতি অহাৰ সময়তে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷

নম্বৰ প্লেটবিহীন মাৰুতি চুজুকি ব্ৰেণ্ডৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলতেই থিতাতে নিহত হয় বৰপেটা জিলাৰ বগুৰীগুৰী গাঁৱৰ বদিউদ জামালৰ দুই পুত্ৰ মোস্তাফিজুৰ ৰহমান আৰু মোজাম্মেল হক।

নগাওঁ জিলাৰ অভিযন্তা গােকুল দাসেও এই দুৰ্ঘটনাত মৃত্যুক আকােৱালি লয়।

আনহাতে কথমপি প্ৰাণৰক্ষা পৰে বৰপেটা জিলাৰ কলগাছিয়াৰ আজিজপুৰৰ শ্বাৰিফুল ইছলামৰ৷

দুৰ্গম এলেকা হোৱা বাবে শনিবাৰেহে অৰুণাচলৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

যুৱকদ্বয়ৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ

তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

G5 6
অৰুণাচল প্ৰদেশত পথ দুৰ্ঘটনাত অসমৰ ৩ যুৱকৰ শােকাৱহ মৃত্যু... 4

Leave a Comment