অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ৫ গৰাকী সেনা জোৱান, উদ্ধাৰ পঞ্চমজনৰো মৃতদেহ…

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত শুকুৰবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ সকলো সেনা জোৱানৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।

বাতৰি অনুসৰি, হেলিকপ্টাৰখনত থকা ৫ গৰাকী সেনা জোৱানৰ চাৰি জনৰ মৃতদেহ শুকুৰবাৰে সন্ধিয়াই উদ্ধাৰ হোৱাৰ পিছত পঞ্চম জনৰো মৃতদেহ শনিবাৰে চলোৱা অভিযানৰ সময়ত উদ্ধাৰ হয়।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা ১০.৪৩ বজাত টুটিঙৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণে মিগিঙৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল ভাৰতীয় সেনাৰ এলএএইছ হেলিকপ্টাৰখন।

photo1666426380
অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ৫ গৰাকী সেনা জোৱান, উদ্ধাৰ পঞ্চমজনৰো মৃতদেহ… 4

দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুগৰাকী পাইলটসহ ৫ গৰাকী সেনা জোৱান।

শুকুৰবাৰে দুৰ্ঘটনাৰ পিছত বিয়লি অভিযান চলাই ৪ গৰাকী সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তাৰ পিছতে শনিবাৰে ৫ গৰাকী সন্ধানহীন হৈ থকা জোৱানৰো মৃতদেহৰ সম্ভেদ পোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই জনোৱা মতে, সেনা আৰু বায়ুসেনাই পঞ্চমজন জোৱানৰ মৃতদেহৰো সম্ভেদ লাভ কৰিছে।

image 178
অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ৫ গৰাকী সেনা জোৱান, উদ্ধাৰ পঞ্চমজনৰো মৃতদেহ… 5

ঠেক গ্ৰেডিয়েণ্ট থকা পাহাৰ আৰু ডাঠ জংঘলৰ ক্ষেত্ৰত দুৰ্ঘটনাস্থলীটো অত্যন্ত প্ৰত্যাহ্বানজনক বুলিও তেওঁ কয়।

দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু সবিশেষ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ কাৰিকৰী বা যান্ত্ৰিক বিজুতিৰ ইংগিত পোৱা ‘মে’ ডে’ ফোন ​​আহিছিল।

image 177
অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ৫ গৰাকী সেনা জোৱান, উদ্ধাৰ পঞ্চমজনৰো মৃতদেহ… 6

উল্লেখ্য যে, শুকুৰবাৰে এইছএএল ৰুদ্ৰ নামেৰে পৰিচিত সেনাৰ হেলিকপ্টাৰখনে ল’ৱাৰ চিয়াং জিলাৰ লিকাবালিৰ পৰা উৰা মাৰিছিল।

দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱান সকল হৈছে- মেজৰ বিকাশ ভম্ভূ, মেজৰ মুস্তাফা বোহৰা, অশ্বিনী কে ভি, বিৰেশ সিনহা আৰু ৰোহিতাস্ব কুমাৰ।

শ্বহীদ জোৱান কেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় সেনাই।

উল্লেখ্য যে, ২০১৫ চনৰ জুন মাহত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন সেনাত অন্তৰ্ভূক্ত কৰা হৈছিল।