অৰুণাচল প্ৰদেশঅসমীয়া
অৰুণাচল প্ৰদেশৰ টাৱাঙত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপৱৰ্তী অঞ্চলত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ।
এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ পাইলট লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ শ্বহীদ হােৱা বুলি জানিব পৰা গৈছে।

আনহাতে, সহ-পাইলট সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে।
জানিব পৰা মতে, টাৱাং জিলাৰ অন্তৰ্গত জিমিথাং ৰাজহ চক্ৰৰ বিটিকে অঞ্চলৰ ওচৰৰ নিয়ামজাং চুত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।

নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।