অৰুণাচল প্ৰদেশৰ ইণ্ডো-চীন সীমান্তত পৰা ১৪ দিন ধৰি সন্ধানহীন দুই সেনা জোৱান…

অৰুণাচল প্ৰদেশৰ ইণ্ডো-চীন সীমান্তত কৰ্তব্যৰত দুজন সেনা জোৱান সন্ধানহীন।

যোৱা ১৪ দিন ধৰি সন্ধানহীন হৈ আছে দুই সেনা জোৱান।

জানিব পৰা মতে, ২৮ মে’ৰ পৰা হৰেন্দ্ৰ নেগী আৰু প্ৰকাশ সিং ৰাণা নামৰ দুই সেনা জোৱানৰ সন্ধানহীন হৈ আছে।

তেওঁলোকে অৰুণাচল প্ৰদেশৰ ইণ্ডো-চীন সীমান্তৰ হালা পোষ্টত নিযুক্ত আছিল।

ইপিনে, প্ৰকাশৰ পত্নীয়ে জনোৱা অনুসৰি তেওঁ সেনাৰ পৰা দুটা ফোনকল পাইছিল। প্ৰথম কলটো ২৯ মে’ত আহিছিল। সেইদিনা তেওঁক জনোৱা হৈছিল যে তেওঁৰ স্বামীক ২৮ মে’ৰ পৰা বিচাৰি পোৱা হোৱা নাই।

আনহাতে দ্বিতীয় ফোনটো ৯ জুনত আহিছিল আৰু কোৱা হৈছে যে, সেনাই দুয়োগৰাকী জোৱান নদীত পৰা বুলি সন্দেহ কৰিছে।

উত্তৰাখণ্ডৰ বিজেপি বিধায়ক সহদেৱ সিং পুন্দিৰে শুক্ৰবাৰে প্ৰকাশৰ পৰিয়ালক সাক্ষাৎ কৰে।

তেওঁ পিটিআইৰ সৈতে বাৰ্তালাপত কয়- ‘মই এই সন্দৰ্ভত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীৰ সৈতে কথা পাতিছোঁ। তেওঁ সহায়ৰ আশ্বাস দিছে। তেওঁ লগতে কয় যে সন্ধানহীন জোৱানজনৰ বিষয়ে সকলো তথ্য কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে।’