অৰুণাচল প্ৰদেশত সন্ধানহীন অসমৰ ১৯ শ্ৰমিকৰ ৪ গৰাকীক জীৱন্তে উদ্ধাৰ

অৰুণাচল প্ৰদেশত সন্ধানহীন অসমৰ ১৯ শ্ৰমিকৰ ৪ গৰাকীক জীৱন্তে উদ্ধাৰ।

অৰুণাচলৰ ডামিনত সন্ধান ওলাল চাৰি জন শ্রমিকৰ।

শ্ৰমিক কেইগৰাকী নিজেই আহি উপস্থিত হয় বেছ কেম্পত।

৫ জুলাই তাৰিখে অসমৰ ঘৰলৈ বুলি ঈদ উপলক্ষে ৰাওনা হৈছিল শ্ৰমিক কেইগৰাকী।

খোজকাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিছিল অসমলৈ বুলি। কিন্তু মাজপথতে সন্ধানহীন হৈ পৰে কেউগৰাকী।

তাৰে মাজত অৰুণাচলত ভুমিস্খলন হোৱাত ১৯গৰাকীৰেই মৃত্যু হোৱা বূলি সন্দেহ কৰা হৈছিল। কিন্তু আজি জীৱন্তে ৪ গৰাকী শ্ৰমিক উভতি আহে।

কুৰুং কুমেই জিলাৰ পৰা ৫ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল শ্ৰমিককেইজন।

খবৰ অনুসৰি, বি আৰ অ’ শিবিৰত উপস্থিত হোৱা শ্ৰমিকসকলৰ স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাত এতিয়া চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি থকাৰ লগতে তেওঁলোকক খাদ্য আৰু পানী দিয়া হৈছে।

পাছে বৰ্তমানেও সন্ধান নাই অন্য কেইবাজনৰো।

আনহাতে ১৩ জুলাই তাৰিখে উদ্ধাৰ হৈছিল এগৰাকী শ্ৰমিকৰ মৃতদেহ। তাৰ বাহিৰে অন্য কোনো এজনৰেই সন্ধান নাই।

উদ্ধাৰ হোৱা চাৰি গৰাকী শ্ৰমিকৰ দুগৰাকী শ্ৰমিক কোকৰাঝাৰ জিলাৰ বগুলাউৰাৰ বুলি সন্দেহ কৰা হৈছে।

উদ্ধাৰ হোৱা চাৰি শ্ৰমিকৰ ভিতৰত বগুলাউৰাৰ গাওঁৰ মাজিদুল আলী আৰু মনোৱাৰ হুছাইন থকাৰ সন্দেহ কৰা হৈছে।