অৰুণাচল প্ৰদেশত শ্বহীদ ৭ সেনা জােৱান, পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ কামেং জিলাত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ৭ জনকৈ জােৱান।

অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ পাহাৰীয়া এলেকাত সংঘটিত প্ৰচণ্ড হিমস্খলনৰ ফলত দেওবাৰে ৭ জন ভাৰতীয় সেনা জোৱান আবদ্ধ হৈ পৰিছিল।

অঞ্চলটোত ভাৰতীয় সেনা জোৱান কেইজনে টহল দি থকাৰ সময়তে হিমস্খলন ঘটাত বৰফৰ বুকুত আবদ্ধ হৈ পৰে জোৱান কেইজন।

G04

শেহতীয়াভাৱে প্ৰাপ্ত খবৰ অনুসৰি, ভাৰতীয় সেনাৰ জোৱান কেইজনক উদ্ধাৰৰ বাবে চলােৱা উদ্ধাৰ অভিযান সম্প্ৰতি সমাপ্ত হৈছে।

ইতিমধ্যে, ভাৰতীয় সেনাই আটাইকেইজন জােৱান শ্বহীদ হােৱা বুলি সদৰি কৰিছে।

a1

ইপিনে, শ্বহীদ জােৱানকেইজনৰ পৰিয়ালত বিগত দুদিন ধৰি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে।

P1

শ্বহীদ অংকেশ ভৰদ্বাজ

সেনাই আটাইকেইজন জােৱান শ্বহীদ হােৱা বুলি সদৰি কৰাৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালকেইটাত।

জানিব পৰা মতে, শ্বহীদ জােৱানকেইজনৰ ভিতৰত এজনৰ নাম অংকেশ ভৰদ্বাজ। সৈনিক পৰিয়ালৰে সদস্য এই জােৱানজনৰ ঘৰ হিমাচল প্ৰদেশৰ বিলাসপুৰত।

a2

আনহাতে, আন এজন জােৱানৰ নাম অৰুণ কাটল। শ্বহীদ জােৱানজনৰ ঘৰ জম্মু-কাশ্মীৰৰ লখনপুৰত বুলি জানিব পৰা গৈছে।

P2

শ্বহীদ অৰুণ কাটল

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বিগত কিছু দিনত হৈ থকা প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনে শীতৰ প্ৰকোপ বৃদ্ধি কৰাৰ লগতে ঠায়ে ঠায়ে যাতায়ত স্থবিৰ কৰি পেলাইছে।

a3

বৰফৰ শুভ্ৰ আচ্ছাদনত বুৰ যোৱা অৰুণাচল প্ৰদেশৰ কামেং অঞ্চলত ডিচেম্বৰ মাহতো কেইবাজনো পৰ্যটক হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল।

Leave a Comment