অৰুণাচল প্ৰদেশত কৰ্মৰত এছএছবি জোৱানৰ আকস্মিক মৃত্যু

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্তব্যৰত বিহাৰৰ এজন এছএছবি জোৱানৰ আকস্মিক মৃত্যু হয়।

জোৱানজন বিহাৰৰ চৰণ জিলাৰ মাশ্ৰাকৰ প্ৰভু প্ৰসাদ বুলি জানিব পৰা যায়।

সূত্ৰ অনুসৰি, জোৱানজন হঠাতে কৰ্তব্যস্থলীত অসুস্থ হৈ পৰে। লগে লগে তেওঁক সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুত অৱনতি ঘটে। যাৰ ফলত তেওঁৰ চিকিৎসালয়ত মৃত্যু হয়।

জোৱান জনৰ মৃত্যুৰ খবৰ তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। এই খবৰ পোৱাৰ লগে লগেই জোৱানজনৰ পৰিয়াল তথা ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

বৰ্তমানলৈকে তেওঁৰ নশ্বৰ দেহ স্ব-গৃহ পোৱা নাই বুলি জানিব পৰা যায়।

Leave a Comment