অৰুণাচল প্ৰদেশত অপহৃত পুত্ৰক মুক্তি দিবলৈ উগ্রপন্থীক কাতৰ আহ্বান মাতৃৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ নাগালেণ্ড সীমান্তৱৰ্তী লংডিং অঞ্চলৰ পৰা অপহৃত অসমৰ শ্ৰমিক হীৰেন কােচৰ বিগত ৪ দিন ধৰি নাই কােনাে শুংসূত্ৰ।

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ এনে অপহৰণকাণ্ডৰ খবৰে হাহাকাৰ লগাইছে হীৰেন কােচৰ পৰিয়ালত।

55

যােৱা ৩১ জানুৱাৰীৰ নিশা সন্দেহজনক NSCN (K) উগ্ৰপন্থীৰ এটা দলে পথ নিৰ্মাণৰ কাম জড়িত হৈ থকা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষীৰ থানাৰ অন্তৰ্গত দুই নং কেছেৰুগুৰি নিবাসী হীৰেন কােচ নামৰ জেচিবি চালকজনৰ লগতে বিহাৰৰ ৰামাশিষ মাহাতাে নামৰ শ্ৰমিকক অপহৰণ কৰিছিল।

কিন্তু এই ঘটনাৰ চাৰি দিন উকলি যােৱাৰ পাছতাে কোনো সন্ধান নাই অপহৃত শ্ৰমিক দুজনৰ।

অপহৃত স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান হিৰেন কোচৰ মাতৃ আৰু পত্নীয়ে।

9

উল্লেখযোগ্য যে এন এছ চি এন (কে)ৰ উগ্ৰপন্থীয়ে অৰুণাচল প্ৰদেশৰ স্থানীয় শ্রমিক বাংফা ৱাংফাক অপহৰণৰ পাছত পুনৰ মুকলি কৰি দিছিল যদিও অজ্ঞাত স্থানলৈ লৈ যায় অসম তথা বিহাৰৰ শ্ৰমিক দুজনক।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰ সীমান্তৱৰ্তী লংখাও বস্তিত পথ নিৰ্মাণৰ কামত জড়িত হৈ এটা নির্মাণ প্রতিষ্ঠানত জেচিবি চালক হিচাপে কৰ্মৰত আছিল অসমৰ হীৰেন কােচ।

এই ঘটনাৰ পাছতে হীৰেন কোচৰ ঘৰত এতিয়া হাহাকাৰ পৰিৱেশ।

সৰুতে পিতৃৰ বিয়োগৰ পাছত ঘৰ চলোৱাৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি ল’ব লগা হয় হীৰেন কোচে।

বৰ্তমান পত্নীসহ এগৰাকী দুবছৰীয়া কন্যা সন্তান, মাতৃ, কনিষ্ঠ ভাতৃক পোহপাল দি আহিছিল হীৰেনে।

কিন্তু হীৰেনৰ অপহৰণৰ ঘটনাত পৰিয়ালটোৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে।

স্থানীয় ৰাইজে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনক মুকলি কৰি দিবলৈ উগ্ৰপন্থী সংগঠনটোলৈ আহ্বান জনাইছে।

লগতে চাওকঃ

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

G1

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

G4

Leave a Comment