NATIONAL

অৰুণাচলৰ IPS বিষয়াৰ নামত সামাজিক মাধ্যমত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক ছলমান খান!

নিউজ ডেস্ক। উত্তৰ পূৱৰ মনমােহা ৰাজ্য অৰুণাচল প্ৰদেশৰ সু-সন্তান তথা দিল্লীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া ৰবীন হিবু (IPS)ৰ নামত ধন সংগ্ৰহ এজন প্ৰৱঞ্চকৰ।

বিষয়াজনৰ নামত ফেচবুকত ভুৱা প্ৰফাইলৰ আৰু হোৱাটছএপ যোগে যোগাযোগ কৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ পৰা ‘জৰুৰী বৰঙণি’ সংগ্ৰহ কৰিছিল ভুৱা ব্যক্তিজনে।

এই ভুৱা প্ৰফাইলত IPS বিষয়াজনৰ ফটো ব্যৱহাৰ কৰি এই দুষ্কৰ্ম কৰিছিল লোকজনে। অৱশেষত আৰক্ষীৰ জালত পৰিল সেই এই প্ৰৱঞ্চকজন। ৰাজস্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছলমান খান নামৰ প্ৰৱঞ্চকজনক।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা এই প্ৰৱঞ্চকজনে মণিপুৰত পঞ্জীয়ন হৈ থকা এটা মোবাইল নম্বৰ এই কামত ব্যৱহাৰ কৰিছিল। আৰু সেই নম্বৰেৰে অবৈধভাৱে উত্তৰ পূবৰ বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগ কৰি দানৰ নামত ধন সংগ্ৰহ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা লোক জনক ছলমান খান বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীক এই কামত জড়িত বৃহৎ চক্ৰৰ কথা জানিবলৈ দিয়ে।

এই সন্দৰ্ভত আৰক্ষী বিষয়া ৰবীন হিবুৱে কয়, “খানে ফেচবুক আৰু গুগলত উপলব্ধ মোৰ আই পি এছ ইউনিফৰ্ম পৰিহিত ফটো ব্যৱহাৰ কৰিছিল। ফেচবুক তথা বিভিন্ন সামাজিক মাধ্যমত মোক অনুসৰণ কৰা উত্তৰ পূৱৰ বিভিন্ন ব্যক্তিলৈ তেওঁ অনুৰোধ প্ৰেৰণ কৰিছিল। সেয়েহে এই ভুৱা চক্ৰৰ দ্বাৰা বলি হোৱা লোক সকলৰ ধন উদ্ধাৰ কৰাৰ বাবে মই তেওঁলোকে ধন প্ৰেৰণ কৰা ৰছিদ, মোবাইল নম্বৰ আৰু নাম মোক প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছো। আৰু যাতে ৯৮১০০৮৩৪৮৬ নম্বৰৰ হোৱাটছএপ নম্বৰটো তদন্ত কৰিব পৰা যায়।”

তেওঁ লগতে কয় যে, “উত্তৰ পূৱৰো বহুতে যুৱকে মোৰ সংস্থা ‘হেল্পিং হেণ্ড’ৰ নামত জোৰ জবৰদস্তি ধন সংগ্ৰহ কৰিবলৈ লোৱাৰ কথাও শুনিবলৈ পাইছো। মোৰ সেই সংস্থা গঠন কৰা হৈছিল মহামাৰীৰ সময়ত দুৰ্ভগীয়া জনক সহায়ৰ উদ্দেশ্যে।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button