অৰুণাচলৰ ৩ খন আৰু নাগালেণ্ডৰ ৯ খন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন

অৰুণাচলৰ ৩ খন আৰু নাগালেণ্ডৰ ৯ খন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে নাগালেণ্ডৰ ৯ খন জিলা আৰু অৰুণাচলৰ ৩খন জিলাক অশান্তজৰ্জৰ অঞ্চল হিচাপে ঘোষণা কৰি উক্ত জিলা কেইখনত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন পুনৰ ছমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বৃদ্ধি কৰা অৰুণাচলপ্ৰদেশৰ তিনিখন জিলা হৈছে ক্ৰমে- তিৰাপ, চাংলাং আৰু লংডিং।

এই তিনিখন জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্তেম্বৰলৈ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থাকিব।

উল্লেখ্য যে, ৩১ মাৰ্চত অসম, নাগালেণ্ড আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ কখা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সেনাৰ বাহিনীৰ হাতত নাগালেণ্ডত ১৪ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছৰে পৰা উত্তৰ-পূবৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছিল।

Leave a Comment