NEWS8 NorthEast

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দেহত ধৰা পৰিছে কভিড-১৯ !

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দেহত ধৰা পৰিছে কৰ’ণা।

টুইটাৰযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই ৰাজহুৱা কৰিছে এই কথা।

RT-PCR টেষ্টত মুখ্যমন্ত্ৰী গৰাকীৰ কৰ’ণা পজিটিভ পোৱা যায়।

অবশ্যে কোনো ধৰণৰ কৰ’ণাৰ লক্ষন দেখা দিয়া নাই মুখ্যমন্ত্ৰীগৰাকীৰ দেহত। বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ বুলিও টুইটাৰত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ নিজকে আছুতীয়াকৈ ৰখাৰ কথা প্ৰকাশ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকোকেই ক’ভিড টেষ্ট কৰাৰো আহ্বান জনাইছে।

Skip to toolbar