অৰুণাচলত সংঘটিত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দুজনৰ মৃতদেহ উদ্ধাৰ…

অৰুণাচলত সংঘটিত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দুজনৰ মৃতদেহ উদ্ধাৰ।

আপাৰ চিয়াং জিলাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

লিকাবালিৰ পৰা উৰা মাৰিছিল দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনে।

আপাৰ চিয়াঙৰ চিংগিঙত পুৱা ১০.৪৩ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে দুৰ্ঘটনা।

হেলিকপ্টাৰখনত আছিল ৫জন লোক, ইয়াৰে দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

পাহাৰীয়া আৰু অতি দুৰ্গম অঞ্চলত সংঘটিত এই দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্য আৰম্ভ কৰিছিল।

উদ্ধাৰ অভিযানৰ বাবে এখন এমআই-১৭ আৰু দুখন ধ্ৰুৱ চপাৰ ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে, বিগত ১৬টা দিনত অৰুণাচলত সেনাৰ দ্বিতীয়টো হেলিকপ্টাৰ দুৰ্ঘটনা।