অসম

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, অসমৰ তিনি আৰোহীসহ চাৰিজনৰ কৰুণ মৃত্যু…

অৰুণাচলত পথৰ পৰা বাগৰি পৰিল ডাম্পাৰ

অসমৰ তিনি আৰোহীসহ চাৰিজনে সাৱটিলে কৰুণ মৃত্যুক।

অৰুণাচল প্ৰদেশত যোৱা শনিবাৰে সংঘটিত হৈছে এই পথ দুর্ঘটনাটো।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ আলঙৰ পৰা মেচুকা অভিমুখে এখন ডাম্পাৰত গৈ আছিল চিলাপথাৰ অকাজানৰ মহেশ টায়ে (২৮), ঐয়ান বালিৰ লিলিন্দ্ৰ মিলি (৩৫), চমকঙৰ বাবু বসুমতাৰী (৩৪) আৰু অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা।

ইয়াৰে লিলিন্দ্ৰ মিলি গাড়ীচালক আছিল।

ডাম্পাৰখনে আলঙৰ পৰা গৈ মেচুকা পোৱাৰ প্ৰায় সত্তৰ কিলোমিটাৰ নিলগত ধাৰাষাৰ বৃষ্টিপাতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তলত বাগৰি পৰে৷

এই দুৰ্ঘটনাত চাৰিওজন আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে ডাম্পাৰখন সম্পূর্ণভাৱে চূর্ণাকৃত হৈ পৰে।

পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনৰ মৃতদেহ অৰুণাচল প্ৰদেশ আৰক্ষী আৰু স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে।

Related Articles

Back to top button