
নিউজ ডেস্কঃ মূল সুতিলৈ উভতিল আলফা স্বাধীনৰ এজন দুৰ্ধৰ্ষ কেডাৰ।
বুধবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নিষিদ্ধ ঘোষিত সংগঠনটোৰ কেডাৰ বিক্ৰমজিৎ চেতিয়া ওৰফে ৰঞ্জিত অসমৰ।
তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৰ চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰজনে।
তাৰ পিছতে ডিব্ৰুগড়লৈ অনা হয় ৰঞ্জিত অসমক।
বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে আত্মসমৰ্পণকাৰী কেডাৰজনক।
জানিব পৰা মতে, ২০১৯ চনৰ জুলাই মাহত আলফা স্বাধীনত যোগদান কৰিছিল বিক্ৰমজিৎ চেতিয়াই।