অহা ৪ দিনলৈ বৰষুণে ধুৱাব অসম তথা উত্তৰ-পূৰ্বাঞ্চল, আহিব ধুমুহা-বজ্ৰপাত

নিউজ ডেস্কঃ অহা ৪ দিনলৈ বৰষুণে ধুৱাব অসম তথা সমগ্ৰ উত্তৰ-পূব। এই আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক ৪ দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰবল বৰষুণৰ লগতে বিজুলী আৰু ধুমুহাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে।

আই এম ডিৰ মতে, অহা ২৪ ঘণ্টাত অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। তদুপৰি কোনো কোনো অঞ্চলত বজ্ৰপাত আৰু ধুমুহা (ঘণ্টাত ৩০-৪০ কিলোমিটাৰ পৰ্যন্ত গতিবেগত) ৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে।

photo1663070111
অহা ৪ দিনলৈ বৰষুণে ধুৱাব অসম তথা উত্তৰ-পূৰ্বাঞ্চল, আহিব ধুমুহা-বজ্ৰপাত 2

তদুপৰি ১৫ আৰু ১৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওপৰত বহু ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা অতিশয় বেছি।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডাঃ সঞ্জয় অ’নিল শ্ব’ই জানিবলৈ দিয়া মতে, অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতি কাষৰীয়া অঞ্চল সমূহত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে মৃদু ধুমুহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত মহানগৰীৰ তামপান সৰ্বাধিক ৩৪ ডিগ্ৰী চেলছিয়াছৰ পৰা সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হৈ থাকিব।

উল্লেখ্য যে, মঙলবাৰে মহানগৰীত হোৱা প্ৰবল বৰষুণে ৰুক্মিণীগাঁও, হাতীগাঁও, ডাউনটাউন, তৰুণ নগৰ, ভঙাগড় আদি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰাত অঞ্চলসমূহত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।