
নিউজ ডেস্ক। অহা বছৰৰ জানুৱাৰী মাহৰ ১৮ তাৰিখৰ পৰা ২১ তাৰিখলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।
প্ৰথম পৰ্যায়ৰ গুণােৎসৱ বৰপেটা, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, গোলাঘাট, হোজাই, কামৰূপ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি জিলাত অনুষ্ঠিত হ’ব।
ইয়াৰ পিছতে, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমাহাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব।
১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ৷ তৃতীয় পৰ্যায়ত সামৰি ল’ব বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও, নলবাৰী জিলা।