অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা…

নিউজ ডেস্কঃ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱতীগৰাকী।

পিতৃয়ে কাম কৰা কাৰখানাটো দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল ২৮ বৰ্ষীয় যুৱতীগৰাকীয়ে।

অহা মাহত তেওঁৰ বিয়াৰ দিন ঠিক কৰা হৈছিল। তাৰ পূৰ্বে শুকুৰবাৰে ভাৱীস্বামীক দেখা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল পেছাত ফিজিঅ’থেৰাপিষ্ট যুৱতীগৰাকীয়ে।

কিন্তু ভাৱীস্বামীক আৰু তেওঁৰ লগ কৰা নহ’ল! তাৰ পূৰ্বেই ৰাজপথত এজন আৰক্ষী কনিষ্টবলৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় যুৱতীগৰাকীয়ে।

p5
অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা… 6

শুকুৰবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় কলকাতাৰ ৰাজপথত। হাওৰাৰৰ দশনগৰৰ ১৩৩ নম্বৰ ফকিৰ মিস্ত্ৰী বাগানৰ বাসিন্দা যুৱতীগৰাকীৰ নাম ৰীমা সিং।

ৰীমাই শুকুৰবাৰে তেওঁৰ ভাৱীস্বামীক প্ৰবীৰ ৰয়ক লগ কৰিবলৈ ওলাই আহিছিল ঘৰৰ পৰা। অহাৰ সময়ত মাকক কৈছিল- সন্ধিয়া হোৱাৰ আগেয়ে উভতি আহিম।

p4 1
অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা… 7

কিন্তু দুপৰীয়া প্ৰায় আঢ়ৈ বজাত পাৰ্ক চাৰ্কাছৰ বাংলাদেশৰ দূতাবাসৰ সমীপত কলকতা আৰক্ষী সশস্ত্ৰ বাহিনীৰ কনিষ্টবল চোডুপ লেপচাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত মূৰত গুলী লাগে ৰীমাৰ।

p6
অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা… 8

পৰিস্থিতি শাম কটাৰ পিছত যুৱতীগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও অধিক ৰক্তক্ষৰণৰ ফলত শেষ নিশ্বাস ত্যাগ কৰে ৰীমা সিঙে।

ইফালে এই খবৰ ৰীমাৰ পৰিয়ালক জনোৱাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী কন্যাক হেৰুৱাই দিকহাৰা হৈ পৰে অসুস্থ পিতৃও।

G1 7
অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা… 9

গুলীচালনা কৰা জােৱানজন

ৰীমাৰ মাতৃয়ে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ পিতৃ শাৰিৰীকভাৱে অসুস্থ হোৱাৰ লগতে তেওঁ কামকৰা কাৰখানাটো যোৱা ৫ বছৰ ধৰি বন্ধ হৈ আছে। যাৰ বাবে পৰিয়ালৰ সমস্ত দায়িত্বৰ লগতে একমাত্ৰ ভাতৃৰ পঢ়া-শুনাৰ দায়িত্বও ৰীমাই বহন কৰি আহিছে।

Rima Singh
অহা মাহত ঠিক হৈছিল বিয়া! ভাৱীস্বামীক লগ কৰিবলৈ উভতি নাহিল ৰীমা… 10

অহা মাহত যুৱতীগৰাকীৰ বিয়া ঠিক হৈছিল প্ৰবীৰ ৰায় নামৰ যুৱকজনৰ সৈতে। কিন্তু তাৰ পূৰ্বেই ৰীমাই এনেদৰে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হোৱাত শোকৰ বন্যা নামিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত।