অহা বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা বন্ধ হৈ পৰিব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল…

২০২২ চনৰ ১ জানুৱাৰীৰ পৰা বন্ধ হৈ পৰিব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।
শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জি এম চি এইচ) পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়- জি এম চি এইচৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ’ব আৰু সেয়ে ১ জানুৱাৰীৰ পৰা এম এম চি এইচ বন্ধ কৰি দিয়া হ’ব।
তেওঁ আৰু লগতে কয় যে এম এম চি এইচত চিকিৎসাধীন ৰোগীসকলৰ বাবে পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰা চিকিৎসালয় কাৰ্যক্ষম হ’ব।

এম এম চি এইচৰ চিকিৎসকসকলে পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰা চিকিৎসালয়ত ৰোগীসকলক সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয়-২০২২ চনৰ ১ জানুৱাৰিৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত সেৱা বন্ধ কৰা হ’ব কিয়নো গুৱাহাটীৰ দ্বিতীয় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ’ব। এম এম চি এইচত চিকিৎসাধীন ৰোগীসকলৰ বাবে পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰাৰ চিকিৎসালয়খন জি এম চি এইচৰ দ্বাৰা পৰিচালিত হ’ব।
Services at Mahendra Mohan Choudhury Hospital will be shut from Jan 1, 2022 as construction of Guwahati's 2nd medical college will begin.
— Himanta Biswa Sarma (@himantabiswa) December 18, 2021
Pandu FRU & the hospital at Dhirenpara will be run by GMCH for the patients undergoing treatment at MMCH. pic.twitter.com/3HeRwRb9wZ
আনহাতে জি এম চিৰ চিকিৎসকে কৰ্তব্যৰ সময়ত ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে তেওঁ অভিযোগ লাভ কৰিছে। এই সন্দৰ্ভত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰিছে।
লগতে চাওকঃ
সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়ােগ
শোকাবহ! পথ দুৰ্ঘটনাত দুগৰাকী জুনিয়ৰ আৰ্টিষ্টৰ মৃত্যু, দ্বি-খণ্ডিত হ’ল বিলাসী বাহন