অসম

অস্বাভাৱিক বিদ্যুত মাচুল বৃদ্ধি কৰাটো অগণতান্ত্ৰিক আৰু অমানৱীয়ঃ ৰিপুণ বৰা…

ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল।

অত্যাধিক বিদ্যুৎ বিলে ৰাজ্যৰ জনসাধাৰণক ত্ৰাহি মধুসূদন কাঢ়িবলৈ বাধ্য কৰাইছে।

প্ৰথমে সামাজিক মাধ্যমত এই সম্পৰ্কে দুই এজনে মত ব্যক্ত কৰাৰ পিছতে ৰাজ্যজুৰি এই সম্পৰ্কত বিতৰ্কৰ সূচনা হৈছে।

ৰাজ্যজুৰি বিদ্যুৎ বিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে এক পৰিস্থিতিৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

বিদ্যুত মাচুল বৃদ্ধি কৰাটো অগণতান্ত্ৰিক আৰু অমানৱীয় বুলি অভিহিত কৰিছে সভাপতি ৰিপুণ বৰাই।

ৰিপুন বৰাই কয়- ‘বিভিন্ন সামগ্ৰীৰ উৰ্ধগামী মূল্যবৃদ্ধিত ইতিমধ্যে বিপৰ্যস্ত জনতাক গেলাতে টেঙা দি শেহতীয়াকৈ অস্বাভাৱিক হাৰত বৰ্ধিত বিদ্যুত মাচুলেৰে হাৰাশাস্তি কৰা হৈছে। পূৰ্বে কোনো জাননী নিদিয়াকৈ এইদৰে তিনি চাৰিগুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু অমানৱীয়। চৰকাৰে প্ৰতি ইউনিটত ৩০ পইচাকৈ বাঢ়িব বুলি কৈছিল।’

অসম তৃণমূলৰ সভাপতিগৰাকীয়ে এই বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰ কৰি জনসাধাৰণক সকাহ দিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Related Articles

Back to top button