অসম
অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাৱদ অসুস্থ।
সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ অসুস্থ হোৱাৰ পাছত তেওঁক পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কান্ধত আঘাত পোৱাৰ বাবেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নেতাগৰাকীক।
উল্লেখ্য যে, পত্নীৰ গৃহৰ চিৰিৰ পৰা নামি থকা অৱস্থাত সন্তুলন হেৰুৱাই বাগৰি পৰিছিল লালু যাদৱ। যাৰ বাবে তেখেতে কান্ধ আৰু কঁকালত বেয়াৰকৈ আঘাত পাইছিল।
পৰাৰ পাছতেই তেখেতক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও, পাছলৈ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু কান্ধৰে হাড় ভগা বুলি ফলাফল আহে। তেতিয়া লগে লগে তেখেতক আইচিইউত ভৰ্তি কৰেৱা হয়।
উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত থকা প্ৰসাদে যোৱা মাহত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা বৃক্ক সংৰোপণৰ বাবে বিদেশ ভ্ৰমণৰ বাবে অনুমতি লাভ কৰিছিল।