fbpx
অসমঅসমীয়া

অসুস্থ পুত্ৰক সুস্থ কৰাৰ সপোন দেখি আলফালৈ গৈছিল ধনজিৎ, কিন্তু…

নিউজ ডেস্কঃ ৫ বছৰীয়া পুত্ৰ অসুস্থ, মাহে মাহে সলাব লাগে তেজ।

নিজে এখন কাপোৰৰ দোকানত চেলছ মেন হিচাপে কাম কৰি অসুস্থ পুত্ৰৰ চিকিৎসাৰ লগতে পৰিয়ালৰ দুবেলা-দুমুঠি গোটোৱাৰ চেষ্টা কৰিছিল তেওঁ। মাজে মাজে হতাশাত ভাগি পৰিছিল। আৰ্থিক অভাৱে সপোনবোৰ যেন চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল।

এয়া ধনজিতৰ কাহিনী। হয়, বৰপেটাৰ ধনজিৎ দাস।

photo 2022 05 07 09 43 09

আৰক্ষীৰ চোৰাংচোৱা হোৱাৰ অভিযোগ তুলি আলফা স্বাধীনে শনিবাৰে মৃত্যুদণ্ড বিহা ধনজিৎ দাস ওৰফে ৰূপক অসমৰ পৰিয়ালত এতিয়া নামিছে শোকৰ বন্যা।

৫ বছৰীয়া সন্তানটোক বুকুত সাৱটি দিকহাৰা হৈ ৰাউচি জুৰিছে ধনজিতৰ পত্নীয়ে। দুঃসংবাদ লাভ কৰিয়েই মুখৰ মাত হেৰুৱাই পেলাইছে শহুৰেকে! কি হ’ব পৰিয়ালটোৰ? কেনেকৈ চলিব? খাব কি? অসুস্থ ল’ৰাটোৰ চিকিৎসাই বা কেনেকৈ কৰিব?

p1 7

ধনজিৎ দাস আছিল পৰিয়ালটোৰ শেষকণ সাহস। গেবাৰী খাটি পৰিয়ালটো চলোৱা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম মানুহজনেই আছিল ধনজিৎ।

আৰ্থিক অভাৱৰ বাবে দিনক দিনে দুৰ্বল হৈ গৈ থকা একমাত্ৰ ল’ৰাটোক সুস্থ কৰি তোলাৰ স্বাৰ্থতেই হয়তো তেওঁ কাৰোবাৰ প্ৰলোভনৰ বলি হৈ যোগ দিছিল আলফা স্বাধীনত। কিন্তু…

আলফা স্বাধীনে এক বিবৃত্তিত প্ৰকাশ কৰা মতে, যোৱা ২৪ এপ্ৰিলত আলফাৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ধনজিতে। পিছদিনা অৰ্থাৎ ২৫ এপ্ৰিলত আলফাৰ পহৰাদাৰী দলে পুনৰ তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

p2 7

অসম আৰক্ষীৰ গুপ্তচৰ বুলি স্বীকাৰ কৰাৰ পিছত প্ৰায় ১০ দিন ধনজিৎ দাস আৰু অন্য এজন অসমীয়া সঞ্জীৱ শৰ্মাক বন্দী কৰি ৰাখিছিল আলফা স্বাধীনে। তাৰ পিছত শনিবাৰে পুৱা ৮ বজাত বন্দুকৰ গুলীৰে দুয়োজন অসমীয়াক বিহা হয় মৃত্যুদণ্ডৰ শাস্তি।

এই মৃত্যু দুয়োজন অসমীয়াৰ পৰিয়ালৰ বাবে অবিশ্বাসনীয়! বিশেষকৈ এটা কণমানি সন্তানৰ পিতৃ ধনজিৎ দাসৰ পৰিয়ালটোৱে এতিয়াও মানি ল’ব পৰা এই দুঃসংবাদ। এতিয়াও ধনজিৎ জীয়াই থকাৰ ক্ষীণ আশা এটা বুকুত সামৰি ৰাখিছে পত্নী আৰু পৰিয়ালৰ আন আন সদস্যসকলে।

photo 2022 05 08 15 14 55

জানোচা একমাত্ৰ ৰুগীয়া সন্তানটোৰ কথা ভাৱি আলফাই ক্ষমা কৰি দিয়েই ধনজিতক…! জানোচা ঘৰলৈ উভতাই পঠিওৱা হয় মানুহজনক…!

এই কামনাৰে এতিয়া কান্দি কান্দি শান্ত হৈছে ধনজিতৰ পত্নী। কিন্তু তাৰ পিছতেই অজান ভৱিষ্যতৰ ভয়ত আকৌ হিয়া ধাকুৰি কান্দিছে। কাণত পৰা দুঃসংবাদ মিছা হোৱাৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

লগতে চাওকঃ

চােৰাংচােৱাক আলফা স্বাধীনে কঠোৰতম শাস্তি বিহাটো স্বাভাৱিকঃ অনুপ চেতিয়া

G6 4

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!