
নিউজ ডেস্কঃ অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু।
শুকুৰবাৰে মহানগৰীৰ হেল্থ চিটি হাস্পতালত ভৰ্তি কৰা হৈছে অসমীয়া কণ্ঠশিল্পীগৰাকীক।
জানিব পৰা মতে, জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈছে দীক্ষু।

লগতে একেৰাহে বমিও কৰি আছে কণ্ঠশিল্পীগৰাকীয়ে।
যাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
বৰ্তমান হেল্থ চিটি হাস্পতালত ডা০ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে দীক্ষুৰ।
লগতে চাওকঃ
নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন
