fbpx
অসমীয়াৰাষ্ট্ৰীয়

অসম হৈ ৰে’লেৰে দিল্লী অভিমুখে যাত্ৰাপথত ৬ মহিলাসহ আটক ৭ ৰহিংগিয়া

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অসমত নিতৌ প্ৰৱেশ ঘটিছে ম্যানমাৰৰ ৰহিংগিয়া শৰণাৰ্থীৰ।

কিছুদিন পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত কেবাজনাে ৰহিংগিয়া শৰণাৰ্থী আটক হােৱাৰ পাছতে এইবাৰ পশ্চিম বংগৰ শিলিগুৰিৰ এনজেপি ৰে’ল ষ্টেচনৰ পৰা ৭ জন ৰহিংগিয়াক আটক কৰা হৈছে।

G2 25

বুধবাৰে ৰে’ল আৰক্ষীয়ে ৰে’ল ষ্টেচনত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত প্ৰত্যক্ষ কৰি ৭ জন ৰহিংগিয়াক আটক কৰে।

আটকাধীন ৰহিংগিয়াসকলৰ ভিতৰত ছয়গৰাকী মহিলা আৰু এজন পুৰুষ আছে।

তেওঁলোকক ৰে’ল আৰক্ষীয়ে চাইল্ড হেল্পলাইনৰ সহায়ত সোধা-পোছা কৰােতে তেওঁলােকে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে।

07 14

লগতে তেওঁলোকে অসম পৰা ৰে’লযোগে তাত উপস্থিত হােৱা বুলি স্বীকাৰ কৰি দিল্লীলৈ যােৱাৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে।

এনজেপি ষ্টেচনৰ পৰা সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছত উঠি দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু ৰে’লখনৰ অপেক্ষাত ষ্টেচনত বাহৰ পাতিছিল বুলিও কয়।

লগতে চাওকঃ

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

G3 19

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!