fbpx
অসম

অসম সন্তানৰ চমকঃ হস্তনিৰ্মিত উৰাজাহাজ আকাশত উৰুৱাই চৰ্চাত দ্বীপেশ ৰয়…

এগৰাকী অসম সন্তানৰ চমক।

কাৰিকৰী শিক্ষা অবিহনেই হস্তনিৰ্মিত উৰাজাহাজ আকাশত উৰুৱাই চমক এজন ছাত্ৰৰ।

বৰপেটাৰ কাটাঝাৰ পথাৰ গাঁৱৰ দ্বীপেশ ৰয় নামৰ ছাত্ৰজনে মটৰ, থাৰ্মকল আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে উৰাজাহাজখন।

কোনো কাৰিকৰী শিক্ষা নোলোৱাকৈ উৰাজাহাজখন নিৰ্মাণ কৰি উলিওৱাৰ লগতে ৰিম’টৰ সহায়ত উৰাজাহাজখন আকাশত নিয়ন্ত্ৰণ কৰিবলৈও সক্ষম হৈছে ছাত্ৰজনে।

দ্বীপেশে নিৰ্মাণ কৰি উলিওৱা এই উৰাজাহাজখন চাবলৈ বুধবাৰে ভিৰ কৰেহি স্থানীয় ৰাইজে।

XeGL1ch

ইয়াৰোপৰি দ্বীপেশে এখন হেলিকেপ্টাৰ আৰু ড্ৰ’ণ নিৰ্মাণৰ কামো কৰি থকা বুলি জানিবলৈ দিয়ে।

নিজৰ উদ্ভাৱনী শক্তিৰে এনেদৰে আকাশত উৰাজাহাজ উৰুৱাবলৈ সক্ষম হোৱা যুৱ ছাত্ৰগৰাকীৰ প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!