অসম

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে অধ্যাপিকা অজন্তা নাথক নিযুক্তি…

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি।

অধ্যাপিকা অজন্তা নাথক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ খাদৈচুক্ল গাঁও নিৱাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা অজন্তা নাথক এপিএছচিৰ অধ্যক্ষ হিচাপে অসম চৰকাৰে নিযুক্তি প্ৰদান কৰে।

২০১৮ বৰ্ষৰ পৰা তেওঁ লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

বিশিষ্ট অধ্যাপিকাগৰাকীক অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পাছত জামুগুৰিহাটবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে।

জামুগুৰিহাটৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তি বিশেষে আনন্দ প্রকাশ কৰিছে।

নৱনিযুক্ত অধ্যক্ষগৰাকীৰ কৰ্মস্থলী ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ গোট আৰু শিক্ষার্থীসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এগৰাকী উপযুক্ত ব্যক্তিক চৰকাৰে উপযুক্ত মর্যাদা প্ৰদান কৰিছে বুলি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে মত পোষণ কৰিছে।

তদুপৰি অজন্তা নাথৰ নেতৃত্বত এপিএছচি অধিক নিকা আৰু স্বচ্ছ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰিছে।

Related Articles

Back to top button