অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ চৰজমিন তদন্তৰ প্ৰতিবেদন দাখিল…

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ চৰজমিন তদন্তৰ প্ৰতিবেদন দাখিল।

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ-মুখ্য মন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম-মেঘালয় সীমা সমস্যা সম্পৰ্কীয় বিষয়ত এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ মহানগৰ আৰু ৰি’ভই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমিন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদনো দাখিল কৰা হয়।

দুয়োখন ৰাজ্যৰ সমিতিৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা প্ৰতিবেদন মন্ত্ৰী পীযুষ হাজৰিকা আৰু মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰিষ্টন টিনচঙৰ মাজত বিনিময় কৰা হয়।

আনহাতে, চৰজমিন তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই।

বৈঠকত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্ৰতিবেদন দাখিল সমাপ্ত হোৱাৰ লগে লগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চুড়ান্ত সিদ্ধান্ত ল’ব পৰা যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave a Comment