অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত হোটেল ভিভাণ্টাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক…

খানাপাৰাৰ হোটেল ভিভাণ্টাত অসমৰ মুখ্যমন্ত্ৰীৰ লগত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

মেঘালয় আৰু অসমৰ সীমান্তৰ দীৰ্ঘদিনীয়া ভূমি বিবাদ সন্দৰ্ভত বৈঠক।

বৈঠকত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব জিষ্ণু বৰুৱা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপ-মুখ্যমন্ত্ৰী।

মুঠ ১২ টা বিবাদমান এলেকা চিনাক্ত কৰা হৈছিল।

ইয়াৰে ৬ টা বিবদমান এলেকাৰ ক্ষেত্ৰত সিদ্ধান্তত উপনিত হৈছে অসম-মেঘালয়।

অঞ্চলকেইটা হৈছে হাহিম, গিজাং, তাৰাবাৰী, বাখলাপাৰা,পিলিংকাটা আৰু ৰাতাচেৰা।

ভূমি এৰা-ধৰাৰ মাজেৰে সীমান্তৰ সমস্যা সমাধানৰ পক্ষত অসম-মেঘালয়।

তদুপৰি আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধানৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক অনুষ্ঠিত হৈছে।

পূৰ্বে কইনাধৰাত আলোচনা অনুসৰি ১৮.৫১ বৰ্গ কিলোমিটাৰ ভূমি পাব অসমে।

এতিয়া ৫৯ বৰ্গ কিলোমিটাৰ এলেকাৰ সমস্যা সমাধান হোৱা নাই।

Leave a Comment