অসম-মেঘালয় সীমা সমস্যাক লৈ কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক…

অসম-মেঘালয় সীমা সমস্যাক লৈ কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক।

সীমা বিবাদ মীমাংসাৰ বাবে দুয়ো ৰাজ্যই প্ৰচেষ্টা আগবঢ়াই আহিছে যদিও এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই দুয়োখন ৰাজ্যই৷

ৰাজ্যৰ সীমামূৰীয়া বহুকেইখন জিলাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে মেঘালয়ে দখল কৰা ভূমিৰ বাবে৷

মেঘালয়ে গোৱালপাৰাত ৩৩.৮১৫৬ হেক্টৰ, কাচাৰত ৬০২.০১১৭ হেক্টৰ, কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাচৰত ৩.৩৫০৫ হেক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২ হাজাৰ স্কোৱেৰ মিটাৰ ভূমি দখল কৰি ৰাখিছে৷

যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ দুয়োখন ৰাজ্যই এই সমস্যা সমাধানৰ বাবে গঠন কৰি দিছে উচ্চস্তৰীয় সমিতিও৷

কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷

বুধবাৰে সীমা সমস্যাক লৈ পুনৰ এক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷

কইনা ধৰা ৰ 1 নঃ ৰাজ্যিক অতিথিশালা ত দুই গৰাকী মুখ্যমন্ত্ৰী মিলিত হৈছে আলোচনাত।

ছয় বিবদমান অঞ্চলক লৈ আলোচনা কৰিব দুয়োগৰাকী মুখ্যমন্ত্ৰী৷

Leave a Comment