অসম-মেঘালয় সীমা সমস্যাক লৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ…

অসম-মেঘালয় সীমা সমস্যাক লৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ।
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মেঘালয়ৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হৈছে৷ সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভাত বিল পাছ হ’লেহে সমাধান হ’ব। সীমান্তবাসী ৰাইজৰ মতামত লোৱা হৈছে। কংগ্ৰেছে ৰাজনীতি কৰি আছে, কংগ্ৰেছৰ দিনতে সমস্যা সমাধান হ’ব লাগিছিল৷

লগতে কয়- কং‘গ্ৰেছে কেৱল ৰাজনীতি কৰে৷ সীমান্তবাসীৰ সমস্যা সমাধান নিবিচাৰে৷ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে৷ আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছো৷ কংগ্ৰেছে বিচাৰে অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগত কাজিয়া লাগি থকাটো বিচাৰে৷’
তেওঁ কয়- অসম–মেঘালয় সীমা সমস্যাৰ ওপৰত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক দিব প্ৰতিবেদন। সীমান্তৰ ৰাইজৰ আবেগক আগস্থান দি বিবাদ মীমাংসাৰ দিশে দুয়ো ৰাজ্য। ৰাইজৰ মতামত, ৰাজনৈতিক অ–ৰাজনৈতিক দল–সংগঠনৰ মতামত লৈ সাজু প্ৰতিবেদন।
কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধিতা কৰি লাভ নাই। সমস্যা সমাধান হ’ব দেশৰ লোকসভা আৰু বিধানসভাত। ভূপেন বৰা তিনিবাৰ হৰা মানুহ, প্ৰথমে ৰাইজৰ মেনডেট লৈ জিকি আহক বুলিও মন্তব্য কৰে হাজৰিকাই।
লগতে চাওকঃ
বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা
