
নিউজ ডেস্কঃ অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাৰ ৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা তদন্তৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।
চিবিআই অথবা এনআইএৰ দ্বাৰা ঘটনাৰ তদন্ত বিচাৰি বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হৈছে কনৰাড চাংমা।
দিল্লী যাত্ৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কনৰাড চাংমাই কয় যে ঘটনাৰ তদন্ত সন্দৰ্ভত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনা কৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰীয়েও ঘটনাৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা কৰাৰ পোষকতা কৰাৰ লগতে সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও মন্তব্য কৰে কনৰাড চাংমাই।
উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত মঙলবাৰে পুৱা সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা।
অসমৰ পৰা কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বনৰক্ষীয়ে জব্দ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত গুলীচালনা কৰিবলৈ বাধ্য হৈছিল অসম আৰক্ষীয়ে।
এই গুলীচালনাত এজন বনকৰ্মীসহ ৪ জনকৈ লোকৰ মৃত্যু ঘটাৰ পিছতে দুয়োখন ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ্ সৃষ্টি হয়।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে মুক্ৰ’ত উপস্থিত হৈ নিহত সকলক পৰিয়ালক সাক্ষাৎ কৰিছে আৰু ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰে।
ইপিনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অসম আৰক্ষী অধিক উগ্ৰ হ’ব নালাগিছিল’ বুলি ব্যক্ত কৰা প্ৰতিক্ৰিয়াক লৈ চৰকাৰক সমালোচনা কৰিছে অসমৰ বিৰোধী দল-সংগঠনসমূহে।