অসম-মিজোৰাম সীমান্ত সংঘাতঃ ৫ আগষ্টত মিজোৰামলৈ যাব অসমৰ মন্ত্ৰীৰ দল…

অসম-মিজোৰাম সীমা সংঘাত ক্ৰমাৎ অৱসান হোৱাৰ দিশত।

৫ আগষ্টত মিজোৰামলৈ যাব অসমৰ এটা মন্ত্ৰীৰ দল।

মন্ত্ৰী অতুল বৰা, অশোক সিংহল উপস্থিত হ’ব আইজলত।

আইজলত দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ এক বৈঠকত মিলিত হ’ব মণিপুৰৰ প্ৰতিনিধিৰ সৈতে।

উল্লেখ্য যে, সোমবাৰে অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰে মিজোৰাম আৰক্ষীৰ।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডৰ পাছতে মিজোৰাম আৰক্ষীয়ে অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।

প্ৰতিদানত মিজোৰামৰ কলাচীপৰ উপায়ুক্তৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰে অসমে।

দুয়ো ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ।

Leave a Comment