অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা, মিজোৰাম অভিমুখী বাহনলৈ শিলাবৰ্ষণ

অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

মিজোৰাম অভিমুখী কেইবাখনো বাহন ভাঙি চূৰমাৰ কৰিলে স্থানীয় ৰাইজে।

মন্ত্রী অশোক সিংহাল, পৰিমল শুক্লবৈদ্যৰ বৈঠকৰ মাজতে এই ঘটনা।

অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্যৰ উপস্থিতিতে উত্তেজিত অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাইজে মিজোৰাম অভিমুখী বহুকেইখন বাহন ভাঙি-চুৰ মাৰ কৰে।

স্থানীয় ৰাইজৰ অৰ্থনৈতিক অৱৰোধ প্রত্যাহাৰৰ বাবে গৈছিল মন্ত্রীদ্বয়।

বৈঠক চলি থকাৰ সময়তে মিজোৰাম অভিমুখী বাহনক লক্ষ্য কৰি উত্তেজিত ৰাইজে শিলা বৰ্ষণ কৰে।

পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাছাৰৰ আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে মন্ত্ৰীৰ সৈতে স্থানীয় ৰাইজৰ বৈঠক চলি থকাৰ সময়তে কেইখনমান বাহন মিজোৰামলৈ যোৱাৰ বাবে চেষ্টা কৰিছিল।

এই কাৰ্যত স্থানীয় ৰাইজ সকল উত্তেজিত হৈ পৰে আৰু বাহন কেইখনলৈ লক্ষ্য কৰি শিলা বৰ্ষণ কৰে।

Leave a Comment