অসম-মিজোৰাম সীমান্তত জব্দ প্ৰায় ১০০ কোটি টকা মূল্যৰ ড্ৰাগছ, দুজনক আটক…

নিউজ ডেস্কঃ অসম-মিজোৰাম সীমান্তত জব্দ প্ৰায় এশ কোটি টকা মূল্যৰ ড্ৰাগছ।

কাছাৰ আৰক্ষীয়ে অভিযান চলাই অসম-মিজোৰাম সীমান্তৰ বাঘদাহ অঞ্চলৰ এটা বাসগৃহৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।

কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই জানিবলৈ দিয়া মতে, ম্যানমাৰৰ পৰা সৰবৰাহ কৰি বাঘদাহ অঞ্চলৰ এটা বাসগৃহত মজুত কৰি ৰাখিছিল ৫ লাখ য়াবা টেবলেট।

এই বিষয়ে গোপন খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই য়াবা টেবলেটখিনি জব্দ কৰাৰ লগতে দুজন স্থানীয় নিৱাসীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এখন বিলাসী বাহনো লগতে জব্দ কৰিছে।

কাছাৰ আৰক্ষীৰ এই সফলতাত অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।