অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অগপ বিধায়কৰ অজাপত আনুষ্ঠানিক যােগদান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অগপ বিধায়কৰ অজাপত আনুষ্ঠানিক যােগদান

November 20, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক পুলকেশ বৰুৱাই বৃহস্পতিবাৰে নৱ গঠিত অসম জাতীয় পৰিষদত যোগদান কৰে।

তেওঁৰ লগতে টিংখং সমষ্টিৰ প্ৰাক্তন বধায়ক অনুপ ফুকনেও অজাপত যােগদান কৰে।

ইয়াৰ উপৰি প্ৰাক্তন ছাত্ৰ নেতা বিপুল দাস, অগপৰ শ্ৰম পৰিষদৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ তালুকদাৰসহ মুঠ ১৫ জনে আনুষ্ঠানিকভাৱে অজাপৰ সদস্যসা গ্ৰহণ কৰে।

মহানগৰীৰ লেম্ব ৰোডস্থিত দলটােৰ মুখ্য কাৰ্যালয়ত মুখ্য আহ্বায়কদ্বয় ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই অগপৰ প্ৰাক্তন নেতাকেইজনক দললৈ আদৰণি জনাই তেওঁলোকৰ যোগদানে দলৰ শক্তি বৃদ্ধি কৰিব বুলি মত পোষণ কৰে।