অসম বিধানসভাত বিধায়কৰূপে শপত গ্ৰহণ কৰিলে মাজুলীৰ বিজয়ী প্ৰাৰ্থী ভূৱন গামে…

অসম বিধানসভাত বিধায়কৰূপে শপত গ্ৰহণ কৰিলে মাজুলীৰ বিজয়ী প্ৰাৰ্থী ভূৱন গামে।

বাজেট অধিবেশনৰ প্ৰথম দিনাই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাই বিধায়ক ভূৱন গামক।

উল্লেখ্য য্, মাজুলী উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গামে বিৰোধী দলৰ সন্মিলিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক প্ৰায় ৪২ হাজাৰ ভোটৰ ব্যাৱধানত পৰাস্ত কৰিছিল।

২০২১ চনৰ বিধানসভাত মাজুলী সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাৰ পাছত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত মাজুলী বিধানসভা সমষ্টিৰ আসনখন খালী হৈ আছিল।

ভূৱন গামে বিজেপিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভাত শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ ১২৬ জনীয়া অসম বিধানসভাত নিজৰ আসনৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।

Leave a Comment