অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীৰ দল ত্যাগ…

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীৰ দল ত্যাগ।

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে চৌধুৰীয়ে।

ইতিমধ্যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কামৰুলে।

চৌধুৰীয়ে লিখিছে– ‘মই শ্ৰীমতী ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ লগতে সমূহ কংগ্ৰেছ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক কংগ্ৰেছ দলৰ বিভিন্ন পদত থাকি ৰাইজৰ পক্ষত কাম কৰাৰ সুযোগ দিয়াৰ বাবে। আজিৰ এই মুহূৰ্তত মই শদিয়াৰ পৰা ধুবুৰীলৈ থকা মোৰ সেইসকল শুভাকাংক্ষী আৰু যুৱ বন্ধু–বান্ধৱীলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে আজিলৈ সামাজিক কাম–কাজত মোক সকলোধৰণে সহায়–সহযোগিতা, দিহা–পৰামৰ্শ দি আগবঢ়াই নিলে। লগতে কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ সেইসকল সতীৰ্থ, অগ্ৰজ তথা অনুজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ থাকিল, যিসকলে ছাত্ৰ জীৱনৰ দিনৰে পৰা মোৰ ভাল বেয়া সকলো সময়তে সহযাত্ৰী হিচাপে মোৰ লগত থিয় দিছিল।

লগতে লিখিছে- বৰ্তমান সময়ত দলত চলি থকা অন্তঃকন্দল তথা অনুশাসনহীনতাৰ বাবে দলটোৱে ৰাইজৰ আশা–আকাংক্ষাক প্ৰতিফলিত কৰাত ব্যৰ্থ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দলৰ সদস্য হৈ কাম কৰি থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে। গতিকে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। অনাগত দিনতো যাতে সামাজিক জীৱনত আপোনালোকৰ পৰা মূল্যৱান আৰু গঠনমূলক দিহা-পৰামৰ্শ পাই যাওঁ, সেয়াই কামনা কৰিলোঁ।’