অসম দন্ত সেৱা সন্থাৰ বৃহৎ আন্দোলনৰ ঘোষণা, স্থবিৰ হৈ পৰিব ৰাজ্যৰ দন্ত চিকিৎসা সেৱা…

এক বৃহৎ আন্দোলন ঘোষণা অসম দন্ত সেৱা সন্থাৰ।

স্থবিৰ হৈ পৰিব ৰাজ্যৰ দন্ত চিকিৎসা সেৱা।

২২ অক্টোবৰত সম্পূৰ্ণৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা।

২৬, ২৭, ২৮ অক্টোবৰতো সম্পূৰ্ণ বন্ধ থাকিব এই সেৱা।

ইয়াৰ লগতে ১, ২, ৩ নৱেম্বৰতো সম্পূৰ্ণৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা।

৭টাকৈ দাবী পূৰণ নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা সংবাদমেলযোগে ঘোষণা কৰে অসম দন্ত সেৱা সন্থাই।

পদোন্নতিৰ ব্যৱস্থাকৰণ কৰা, দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰা, Time scale কাৰ্যকৰীকৰণ কৰা, দন্ত চিকিৎসকৰ পদসমূহ শীঘ্ৰে পূৰণ কৰাকে ধৰি মুঠ সাতটা দাবী সমাধানৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

সংবাদমেলত তেওঁলোকে কয় যে, বৰ্তমান অসম চৰকাৰৰ বিভিন্ন  চিকিৎসালয়ত মঞ্জুৰীপ্ৰাপ্ত দন্ত চিকিৎসকৰ পদ ১৩০টা। তাৰ বিপৰীতে বৰ্তমান ৮৫গৰাকী দন্ত চিকিৎসক কৰ্মৰত হৈ আছে। বাকী পদবোৰ খালী আছে। আঢ়ৈ লাখ লোকৰ বিপৰীতে বৰ্তমান  এজন দন্ত চিকিৎসক আছে, কিন্তু চৰকাৰী হিচাপ মতে ৫ হাজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে। সেয়েহে দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে খালী পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায়।

অৱশ্যে জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হ’ব প্ৰতিবাদী কাৰ্যসূচীৰ পৰা।

Leave a Comment