fbpx
অসমঅসমীয়া

অসম তথা জাতিৰ উন্নয়নেই আমাৰ মূল লক্ষ্য, মূল্যবৃদ্ধি ইয়াৰ তুলনাত গৌণঃ আঙুৰলতা ডেকা

নিউজ ডেস্ক। কোভিড কালত মহিলাই ৩ বাৰত ৫০০ টকাকৈ লাভ কৰিছে মুঠ ১৫ টকাৰ সাহায্য। অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে অলপ মূল্যবৃদ্ধি সহ্য কৰিব লাগিবই।

মূল্যবৃদ্ধিৰ সপক্ষে এইবাৰ এনেদৰেই যেন যুক্তি দিলে অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।

6 1

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ বাদেও এতিয়া বিদ্যুততো অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব সাধাৰণ জনতাই। সমান্তৰালভাৱে এতিয়া বজাৰতো চলিছে সামগ্ৰীৰ জুই চাই দাম।

এনে সময়ত মূল্যবৃদ্ধিৰ সপক্ষে কলিয়াবৰত মন্তব্য কৰিলে আঙুৰলতা ডেকাই। কলিয়াবৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত আঙুৰলতাৰ মন্তব্য- মূল্যবৃদ্ধি হ’লেই চৰকাৰখনক বেয়া বুলি ক’ব পৰা নাযায়।

9 6

ৰন্ধন গেছৰ মূল্য বৃদ্ধিত তেওঁ নিজেও দুখ পাইছে বুলি মন্তব্য কৰি লগতে কয়, ৰন্ধন গেছৰ মূল্য বৃদ্ধি হলেও চৰকাৰে বিভিন্ন আঁচনিৰে ৰাইজক সকাহ দিছে।

কোভিডৰ সময়ত মহিলাসকৰ একাউণ্টত ৫০০ টকাকৈ তিনিবাৰ ধন প্ৰদান কৰা হৈছে। অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে অলপ মূল্যবৃদ্ধি সহিব লাগিবই বুলিও মন্তব্য কৰে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে।

উল্লেখ্য যে, এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰা বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীয়ে এতিয়া নিজেই মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে।

দুদিন পূৰ্বে বিজেপিৰ আন এজন বিধায়ক মৃণাল শইকীয়াও সাংবাদিকক উভতি ধৰিছিল- মূল্যবৃদ্ধি হবই, আপোনালোকৰো দৰমহা বাঢ়িছে বুলি।

Related Articles

Leave a Reply

Back to top button