অসম তথা উত্তৰ-পূবত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ সম্ভাৱনা…

অসম তথা উত্তৰ-পূবত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ সম্ভাৱনা।

মধ্য অসম আৰু মেঘালয়ৰ বহুস্থানত শুকুৰবাৰৰ পৰা বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বৃহস্পতিবাৰৰ দিনটোতো অসম, নাগালেণ্ড, কেৰালা আৰু ছিকিমত মজলীয়া ধৰণৰ বৃষ্টিপাত অব্যাহত থাকিব আৰু এই সময়ছোৱাৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰো সম্ভাৱনীয়তা আছে।

অসমৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, হোজাই, বিশ্বনাথ চাৰিআলি, কাৰ্বি আংলঙত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

এই সময়চোৱাত উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰতো প্ৰবল বৃষ্টিপাত হ’ব পাৰে। 

Leave a Comment