অসম গৌৰৱ লাভলীনাৰ নতুন ৰূপ, জনতা ভৱনত পিন্ধিলে ডি এছ পিৰ পোচাক…

অসম গৌৰৱ লাভলীনাৰ নতুন ৰূপ।

অসম আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি লাভ লাভলীনাৰ।

FI4-JRGGag-AQvc-Go

জনতা ভৱনত ডি এছ পিৰ পোচাক পিন্ধিলে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে।

জনতা ভৱনত মুখ্যমন্ত্ৰীসহ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় নিযুক্তি।

FI4-VTUqac-AEb-OA7

বুধবাৰে ডি এছ পি পদত আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে।

photo-2022-01-12-11-59-04

ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ক্ৰীড়ামন্ত্ৰী বিমল বৰাকে ধৰি অসম চৰকাৰৰ বহু কেইগৰকী মন্ত্ৰীৰ লগতে বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিভিন্ন ক্ৰীড়ী সন্থাৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

G4-3

ডি এছ পিৰ পোচাক পৰিধান কৰি লাভলীনাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে, মোৰ বাবে আজিৰ দিনটো অতি স্মৰণীয় দিন হৈ ৰ’ব।

gss

লগতে তেওঁ, এই সন্মানৰ প্ৰদানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

লগতে চাওকঃ

শ্বহীদ পিতৃৰ পদাংক অনুসৰণ কৰি সেনাত বিষয়া হিচাপে নিযুক্ত হ’ল পুত্ৰ

G1

Leave a Comment