অসম গৌৰৱ নয়নমণি শইকীয়ালৈ DSPৰ চাকৰিৰ লগতে ৫০ লাখ টকা প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

লাভলীনা, হিমাৰ পিছত এইবাৰ অসম আৰক্ষীৰ DSP হ’ব কমনবেল্থত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়া।

লগতে চৰকাৰৰ তৰফৰ পৰা নয়নমণি শইকীয়ালৈ প্ৰদান কৰা হ’ব ৫০ লাখ টকা।

বন বিভাগৰ উপ-অধিনায়ক পদৰো প্ৰস্তাৱ খেলুৱৈগৰাকীক।

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

৩ ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত নয়নমণি শইকীয়াক প্ৰদান কৰা হ’ব এই উপহাৰ।

উল্লেখ্য যে, ইতিহাস ৰচি কমনৱেল্থ গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অসম কন্যা নয়নমনি শইকীয়াই।

কমনৱেল্থ গেমছ ২০২২ত ভাৰতৰ মহিলা লনৱল দলে ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি দেশৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।

ভাৰতীয় দলৰ অংশ লোৱা অসমৰ খেলুৱৈ নয়নমনি শইকীয়াই বাৰ্মিংহামৰ পৰা অসমবাসীক দিছিল কমনৱেলথ গেমছত প্ৰথমটো সোণৰ পদকৰ সোৱাদ।

স্বৰ্ণজয়ী ভাৰতীয় মহিলা দলটোত আছিল লাভলী চৌবে, ৰূপা ৰাণী তিৰ্কী, পিংকী আৰু অসমৰ নয়নমনি শইকীয়া।