অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ স্থগিত…

ৰাজ্যত দেখা দিয়া ভয়নাক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

শিক্ষা সংসদে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহব।

১৮ মে’ অৰ্থাত বুধবাৰৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

সমান্তৰালভাৱে ডিমা হাছাওত ১৮ মে’ৰ পৰা ১ জুনৰ ভিতৰত হ’বলগীয়া পৰীক্ষাসমূহো অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণে ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্রস্ত কৰিছে পাহাৰীয়া জিলা ডিমা হাছাওক। জিলাখনৰ সৈতে সকলো যোগাযোগ স্তব্ধ হৈ পৰিছে আৰু জিলাবাসী খাদ্য সংকটৰ সন্মুখীন হৈছে।

সাম্প্ৰতিক বান পৰিস্থিতি যাতে নতুনকৈ নিযুক্তিপ্রাপ্ত শিক্ষকসকলৰ যোগদান আৰু কাউঞ্চেলিঙৰ তাৰিখো পিছুৱাই দিয়া হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে এক জাননীযোগে প্ৰকাশ কৰা অনুসৰি নতুনকৈ নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ যোগদান আৰু কাউঞ্চেলিঙৰ দিন ১৮ মে’ অর্থাৎ কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু বৰাক উপত্যকাৰ বিদ্যালয়সমূহত নিযুক্তি লাভ কৰা তথা বৰাক উপত্যকাৰ পৰা অসমৰ আন স্থানৰ বিদ্যালয়সমূহত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যোগদানৰ দিন ১৮ মে’ৰ পৰিৱৰ্তে ২৫ মেলৈ পিছুৱাই দিয়া হৈছে।

Leave a Comment