নিউজ ডেস্কঃ অসম আৰক্ষী ইমান উগ্ৰ হ’ব নালাগিছিল! আৰক্ষীয়ে অধিক গুলীচালনা নকৰিলেও হ’লহেঁতেন। – অসম-মেঘালয় সীমান্তত মঙলবাৰে সংঘটিত গুলীচালনাৰ ঘটনাক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পশ্চিম কাৰ্বি আংলঙৰ মকৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
উল্লেখ্য যে, মঙলবাৰে পুৱা অসমৰ পৰা কাঠ কঢ়িওৱা এখন ট্ৰাক মেঘালয় সীমান্তত অসমৰ বনৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
মেঘালয়ৰ একাংশ লোকে হাতত দা-কুঠাৰ লৈ বনকৰ্মী আৰু আৰক্ষীক ঘেৰি ধৰাত উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল অসম আৰক্ষীয়ে। যাৰ ফলত অসমৰ এগৰাকী হোমগাৰ্ড জোৱানসহ ৬ জন লোকৰ মৃত্যু ঘটে।
ইফালে এই ঘটনাৰ পিছতে দুয়োখন ৰাজ্যত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাৰ চিবিআই আৰু এনআইএ তদন্তৰ দাবী জনায়।
সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্যখনৰ ৭ খনকৈ জিলাত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হয়।
আনহাতে অসমৰ পৰা শ্বিলঙলৈ যোৱা যান-বাহনতো বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে। যিকোনো ভয়াবহ পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত সীমান্তত অসম আৰক্ষী মোতায়েন কৰা হয়।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নৰম স্থিতি গ্ৰহণ কৰি ঘটনাৰ বাবে দায়ী একপ্ৰকাৰ অসম আৰক্ষীকে কৰা পৰিলক্ষিত হয়।
অসম আৰক্ষী অধিক উগ্ৰ হৈ পৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰয়োজনতকৈ অধিক গুলীচালনা কৰিছিল অসম আৰক্ষীয়ে।
এনে পৰিপ্ৰেক্ষিততে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক নিলম্বন কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
অন্যহাতে মেঘালয়ৰ সৈতে চলি থকা এনে সীমান্ত সংঘাতৰ মাজত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে।